কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে অতিৰিক্ত মৰগীয়া ভাট্টাত কেবিনেটৰ অনুমোদন
অলপতে অনুষ্ঠিত এক কেন্দ্ৰীয় কেবিনেটৰ বৈঠকত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে ১ শতাংশ অতিৰিক্ত মৰগীয়া ভাট্টা আৰু পেন্সনাৰ সকললৈ মৰগীয়া সাহাৰ্য প্ৰদানৰ বাবে অনুমোদন জনোৱা হয়।
মূল্যবৃদ্ধিৰ লগত সঙ্গতি ৰাখি ইতিমধ্য পাই অহা ৪ শতাংশ মৰগীয়া ভাট্টা/পেন্সনৰ ওপৰত অতিৰিক্তভাৱে ১ শতাংশ মৰগীয়া ভাট্টা/সাহাৰ্য দিয়াৰ ব্যৱস্থা কৰা হৈছে। সপ্তম দৰমহা আয়োগৰ পৰামৰ্শৰ ওপৰত ভিত্তি কৰি এই বৃদ্ধি কৰা হৈছে।

Image : Indian Express
মাৰগীয় ভাট্টা আৰু মৰগীয়া পেন্সন মিলাই বছৰত মুঠ ৩০৬৮.২৬ কোটি টকা ৰাজকোষত জমা আছিল আৰু ২০১৭-১৮ বিত্তীয় বৰ্ষত (৮ মাহৰ বাবে জুলাই-২০১৭ ৰ পৰা ফেব্ৰুৱাৰী-২০১৮ লৈ) ২০৪৫.৫০ কোটি টকা আছে। ইয়াৰপৰা ৪৯.২৬ লাখ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু ৬১.১৭ লাখ পেন্সনাৰ উপকৃত হ’ব।
এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক
আপুনি ভাল পাব পৰা অন্যান্য কাহিনী
নিয়তিৰ নিষ্ঠুৰ পৰিহাসে অধিক শক্তিশালী কৰিলে প্ৰদীপ কুমাৰক
শ্যামকানু মহন্ত : অসম আৰু উত্তৰ-পূবক ৰাষ্ট্ৰীয় স্তৰত ডাঙি ধৰিবলৈ অহৰহ চেষ্টা চলাই অহা এজন উদ্যমী