পৰীক্ষিত বৰকটকীয়ে বাঁহেৰে গঢ় দিয়া এটা লাখটকীয়া সপোন
গোলকীয় মন্দাৱস্থাই এজন সফল উদ্যমীত পৰিণত কৰিছিল পৰীক্ষিত বৰকটকীক ।
একো একোটা সমস্যা অথবা বিফলতাই কিছুমান মানুহৰ উদ্যম নাইকীয়া কৰি পেলায় যদিও আন কিছুমানক এইবোৰে আৰু অধিক মজবুত কৰে । পৰীক্ষিত বৰকটকী দ্বিতীয় শ্ৰেণীৰ ব্যক্তি । পৰীক্ষিত আৰু তেওঁৰ তিনিজন বন্ধুৱে দিল্লীৰ এটা ষ্টাৰ্টআপত কাম কৰি থকা অৱস্থাতে গঠন কৰিছিল নিজাকৈ এখন এইচ আৰ কনচাল্টেন্সী ফাৰ্ম । পৰীক্ষিতৰ ভাষাত, "আমি নিজাকৈ কিবা এটা কৰিব খুজিছিলো আৰু এটা কোম্পানী গঠন কৰিছিলো । কিন্তু আমাৰ অভিজ্ঞতাৰ অভাৱ, কিছু ভিতৰুৱা সমস্যা আৰু সেই সময়ত বজাৰত দেখা দিয়া মন্থৰ অৱস্থাৰ বাবে আমাৰ ব্যৱসায় ভালকৈ নচলিল । ইফালে আমি যিটো ষ্টাৰ্টআপত কাম কৰি আছিলো সেইটো পুঁজিৰ অভাৱ আৰু বিভিন্ন কাৰণত বন্ধ হোৱাৰ উপক্ৰম হৈছিল ।"

২০০৯ চনত গোলকীয় অৰ্থনৈতিক মন্দাৱস্থাই পৰীক্ষিত বৰকটকীয়ে চাকৰি কৰা প্ৰতিষ্ঠানটো আৰু বন্ধুৰ সৈতে তেওঁ গঢ়ি তোলা ফাৰ্মখন -এই দুয়োটাৰ প্ৰতি সংকট আনিছিল । এইদৰে দুয়ো দিশৰপৰা সমস্যাৰ সন্মুখিন হৈ পৰীক্ষিত এইবাৰ ঘূৰি আহিল গৃহ চহৰ যোৰহাটলৈ । যোৰহাটলৈ আহি তেওঁ কি কৰিব পৰা যায় তাৰ সন্ধানত ব্যস্ত হৈ পৰিল । উত্তৰ পূৰ্বাঞ্চলৰ এক অন্যতম বিশেষত্ব হস্তশিল্পজাত সামগ্ৰীক লৈ ব্যৱসায় এটা আৰম্ভ কৰাৰ কথা চিন্তা কৰিলে পৰীক্ষিতে । "যিহেতু আমাৰ উত্তৰ পূৰ্বাঞ্চলত বিভিন্ন ধৰণৰ হস্তশিল্পজাত সামগ্ৰী প্ৰস্তুত কৰাৰ এক পৰম্পৰা আছে আৰু এইবোৰৰ সম্ভাৱনীয়তাক এতিয়াও কামত লগোৱা হোৱা নাই । সেয়েহে মই ভাবিলো যে আমাৰ বাবে ই এক উপযুক্ত ব্যৱসায় হব ।" পৰীক্ষিতে কয় ।

এইদৰেই মাত্ৰ পঞ্চাছ হাজাৰ টকা মূলধনেৰে ২০১০ চনৰ ১৪ জুনত দুজন শিল্পীৰে আৰম্ভ হৈছিল Kraftinn নামৰ প্ৰতিষ্ঠানটো। বৰ্তমান ইয়াত ১০ জন পূৰ্ণকালীন শিল্পীকে ধৰি ২০ জন লোক জড়িত হৈ আছে । ইয়াৰ উপৰিও বৰ্তমান নলবাৰী, মাজুলি আৰ মোৰাদাবাদত হস্তশিল্পীৰ কিছু মণ্ডল ( cluster ) স্থাপন কৰা হৈছে । পৰীক্ষিতক সহায় কৰে তেওঁৰ ভাতৃ তথা কোম্পানীটোৰ আন এজন সঞ্চালক প্ৰমথেশে । আৰম্ভণীতে তেওঁলোকে বাঁহৰ সামগ্ৰী, আচবাব আদি বিক্ৰী কৰিবলৈ যথেষ্ট কষ্ট কৰিবলগীয়া হৈছিল । তথাপিও ই দ্ৰুত প্ৰসাৰ লাভ কৰিবলৈ সক্ষম হয় । মূলতঃ বাঁহৰ সামগ্ৰীৰে ব্যৱসায় আৰম্ভ কৰা kraftinn ২০১১ চনৰপৰা অনলাইন ষ্ট'ৰত পৰিণত হয় । ভাৰতৰ বিভিন্ন স্থান বিশেষকৈ বাঙ্গালুৰু, আৰু মুম্বাইৰ উপৰিও দিল্লীৰ বজাৰত যথেষ্ট জনপ্ৰিয় হৈ উঠিছে Kraftinn । ইতিমধ্যে জাপান আৰু অষ্ট্ৰেলিয়ালৈ সামগ্ৰী ৰপ্তানি কৰিছে যদিও সদ্যহতে বিদেশৰ বজাৰখনত চকু দিবলৈ বিচৰা নাই পৰীক্ষিতে ।
"আমি যেতিয়া বাঁহৰ কামেৰে আৰম্ভ কৰিছিলো তেতিয়া আনকি বাঁহৰ কাম কৰা মানুহেও ইয়াৰ ব্যৱসায়ৰ বিষয়ে একো নাজানিছিল । সেইদৰে আমি বেছিভাগ শিল্পীয়ে আগতে বাঁহৰ কাম একো কৰি পোৱা নাছিল । আমি তেওঁলোকক সম্পূৰ্ণ সম্পূৰ্ণ প্ৰশিক্ষণ দি লৈছো ।"
.jpg?fm=png&auto=format&w=800)
পৰীক্ষিত বৰকটকী
"আগতে মানুহে অনলাইন বস্তু কিনিবলৈ ভয় কৰিছিল । বৰ্তমান অনলাইন ক্ৰয় কৰাক লৈ মানুহ যথেষ্ট সজাগ হৈছে আৰু ই আমাৰ ব্যৱসায়ো উন্নত কৰিছে । প্ৰতিবছৰে আমি যথেষ্ট প্ৰসাৰ লাভ কৰিছো । ২০১১ চনৰপৰা আমি কেইবাবছৰ ধৰি বাৰ্ষিক ১০০ শতাংশ বৃদ্ধি দেখিবলৈ পাইছো । যোৱা বছৰ আমাৰ বৃদ্ধি আছিল ৬০ শতাংশ ।" অৱশ্যে উত্তৰ পূৰ্বাঞ্চলত প্ৰতিষ্ঠিত এটা কোম্পানীৰ বাবে কিছুমান প্ৰত্যাহ্বান থকা বুলি স্বীকাৰ কৰে পৰীক্ষিতে । "ডাঙৰ ডাঙৰ ই-কমাৰ্চ কোম্পানীবোৰে অতি কম সময়ৰ ভিতৰতে বস্তু যোগান ধৰিব পাৰে আৰু আমি তেওঁলোকৰ লগত ফেৰ মাৰিব লগা হোৱাটো উত্তৰ পূৰ্বাঞ্চলত এটা প্ৰত্যাহ্বান । লগতে আমাৰ বাবে পেকেজিং এটা ডাঙৰ প্ৰত্যাহ্বান । অসমত সেই কামটো ইমান সহজ নহয় । আমাৰ বস্তুবোৰ ঠুনুকা হোৱা বাবে আমি এইবোৰ যি ধৰণে পেকেজিং কৰিব লাগে তাৰ সুবিধা ইয়াত নাই আৰু সেইবাবে আমাৰ কিছুমান অতিৰিক্ত খৰচ হয় ।" পৰীক্ষিতে কয় ।

প্ৰমথেশ বৰকটকী
শেহতীয়াকৈ বাঁহৰ সামগ্ৰী আৰু আৰু আলোকসজ্জাৰ সামগ্ৰীৰ উপৰিও লাহে লাহে কাঠৰ সামগ্ৰীকে ধৰি অন্যান্য সা-সামগ্ৰীৰ বজাৰখনত প্ৰৱেশ কৰিবলৈ যো-জা চলাইছে ক্ৰাফটইনে ।
এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক
আপুনি ভাল পাব পৰা অন্যান্য কাহিনী
উত্তৰ-পূৰ্বাঞ্চলত হ'ব ৰাষ্ট্ৰীয় জলপথৰ বিকাশ
একেলগে এভাৰেষ্ট আৰোহণ কৰা এক ভাৰতীয় দম্পতি
চাইকেল আৰোহীৰ বাবে এয়াৰবেগ: ঘূৰি আহিব নেকি পৰিবেশ অনুকূল যাতায়ত মাধ্যমৰ সুদিন