বাইকত সমাজসেৱা এঞ্জেলছ ৰাইডাৰ্ছ গ্ৰুপৰ
"আমি মাত্ৰ এটা বাইকাৰছ গ্ৰুপ নহয় । আমি বাইকৰ ওপৰত এটা সামাজিক সংগঠনৰ দৰে ।" এই ভাষ্য এঞ্জেলছ ৰাইডাৰ্ছ গ্ৰুপৰ প্ৰতিস্থাপক ঋত্বিক বৰঠাকুৰৰ । বাইক চলাই নতুন নতুন ঠাই আৱিষ্কাৰ কৰা, বিভিন্ন সংস্কৃতিক আৱিষ্কাৰ কৰাৰ লক্ষ্যৰে সৃষ্টি হৈছিল এঞ্জেল ৰাইডাৰ্ছ গ্ৰুপ। ২০১৫ চনত যোৰহাটত আৰম্ভ হোৱা গোটটোৰ বাবে আৰম্ভণী সিমান সহজ নাছিল। "মই গ্ৰুপটো আৰম্ভ কৰিবৰ সময়ত মোৰ মনত কেৱল নতুন ঠাই চোৱা আৰু অভিজ্ঞতা লাভ কৰাৰ ইচ্ছাহে মূলতঃ আছিল । মোৰ পৰিয়াল আৰম্ভণীতে ইয়াৰ বিৰোধী আছিল আৰু মাত্ৰ কেইজনমান সঙ্গীক লৈ আৰম্ভ কৰিছিলো এঞ্জেলছ ৰাইডাৰৰ্ছ।" ঋত্বিকে কয় । ইয়াৰ পাছত ঋত্বিক আৰু তেওঁৰ সঙ্গীসকলে ভাবিছিল বাইকিঙৰ লগতে সমাজৰ বাবেও কিবা এটা কৰা যাওক । এঘাৰজন সদস্যৰে আঠখন বাইকেৰে কাজিৰঙালৈ আৰম্ভ হৈছিল প্ৰথমটো যাত্ৰা । গড় হত্যাৰ বিৰুদ্ধে সজাগতাৰ বাবে কৰা এই যাত্ৰাই বহুতকে আকৰ্ষিত কৰিছিল আৰু বহুকেইজন নতুন সঙ্গী আৰু শুভাকাঙ্খীক । বৰ্তমান সমগ্ৰ অসমৰে কেইবাশও বাইকাৰ এই গোটৰ লগত জড়িত আৰু তেওঁলোকৰ শুভাকাঙ্খীৰ সংখ্যা কেইবাহাজাৰো ।

আৰম্ভণীৰেপৰা পৰিবেশ আৰু বন্যপ্ৰাণী সুৰক্ষা, যুৱ সমাজৰ মাজত পথ সুৰক্ষা আদি বিভিন্ন সামাজিক বিষয়ক লৈ সজাগতা আভিযান চলাই আহিছে এঞ্জলছে । লগতে বন্যাৰ্তৰ কল্যাণ, অনাথ শিশুৰ সুৰক্ষা আদি বিভিন্ন কামত মনোনিবেশ কৰি আহিছে এঞ্জেলছে । TARG ( The Angels Riders Group) নামৰ আলোচনী এখনো ছচিয়েল মিডিয়াযোগে প্ৰকাশ কৰে এঞ্জলছে । এই আলোচনীখন অতি শীঘ্ৰেই ছপা আকাৰে প্ৰকাশ পাব । বাইকিং, বিভিন্ন অঞ্চলৰ খাদ্য, সংস্কৃতি আদি বিষয়ৰ ওপৰত এই আলোচনীখন প্ৰৱন্ধ-পাতি প্ৰকাশ পাব ।

ভৱিষ্যতে অসমৰ চাৰিসীমাৰ বাহিৰতো প্ৰসাৰ লাভ কৰাৰ পৰিকল্পনা আছে এঞ্জেলছৰ । শীঘ্ৰেই তেওঁলোকে মুকলি কৰিব নিজৰ ৱেবছাইট । "এই ৱেবছাইটৰ যোগেদি আমি অকল নিজৰ প্ৰচাৰ কৰাই নহয় আমি উত্তৰ পূৰ্বাঞ্চল সম্পৰ্কেও কিছু প্ৰচাৰ চলোৱাত আগ্ৰহী ।" ঋত্বিকে কয় ।

"আমি কেৱল এডভেঞ্চাৰৰ বাবে বাইকিং কৰা নাই । ইয়াৰ যোগেদি আমি সমাজসচেতনতা বৃদ্ধিৰ চেষ্টাও কৰিছো ।" ঋত্বিকে মন্তব্য কৰে ।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক
আপুনি ভাল পাব পৰা অন্যান্য কাহিনী
বিশ্বৰ কনিষ্ঠতম কম্পিউটাৰ প্ৰগ্ৰামাৰ মহম্মদ হামজা
মদ আৰু ড্ৰাগছৰ কৱলৰপৰা ওলাই অহা নিলপৰ্ণা আজি সফল বডি বিল্ডাৰ